শীৰ্ষক: বিদেশৰ এখন অসমীয়া পঢ়াশালি আৰু মোৰ শৈশৱৰ সোঁৱৰণী

সেইদিনা ৭ ডিচেম্বৰ, শনিবাৰ ২০১৯ চন। বিয়লি চাৰি বাজিছিল। মোৰ চকুৰ আগত ভাহি উঠিছিল উত্তৰ লক্ষিমপুৰৰ গৰেহগা মাইকীয়া গাঁৱৰ আমাৰ পঢ়াশালিখন। এটা দীঘলীয়া ঘৰ, য’ত শ্ৰেণীকোঠালিবোৰৰ মাজত বেৰ নাছিল। আমেৰিকাত থকা অর্থাৎ তাতে জন্ম হোৱা অসমীয়া ল’ৰা-ছোৱালীসকলক আমাৰ গতানুগতিক পদ্ধতিৰে অসমীয়া ভাষা শিকোৱাটো জটিল। সেয়ে তেওঁলোকক শিকোৱাত বহুতো কষ্ট কৰিব লগা হয়। এনেদৰে হয়তো আমি নজনাকৈয়ে ভাৰতৰো অৰ্থাৎ আমাৰ দেশৰ বাহিৰত বহুতো প্রবাসী অসমীয়াই বিভিন্ন প্ৰকাৰে অসমীয়া ভাষাৰ সেৱা কৰি আছে। বৰ্তমান পৰিস্থিতিত অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা কমি যোৱা বা যাব বুলি চিন্তিত হ’লেই নহ’ব— ভাষাৰ প্ৰতিষ্ঠা আৰু প্ৰচাৰৰ কাৰণে কামো কৰিব লাগিব। ‘CAA’ৰ কাৰণে অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত অদূৰ ভৱিষ্যতে অসমীয়াভাষী লোক সংখ্যালঘু হৈ পৰিব বুলি ভবাৰ শংকা হৈছে। চৰকাৰে অসমৰ বেচৰকাৰী ইংৰাজী মাধ্যমৰ স্কুলত অসমীয়া ভাষা শিকোৱাটো বাধ্যতামূলক কৰিলেও আমি নিজে সজাগ আৰু সতৰ্ক হৈ মাতৃভাষাক সন্মান জনোৱা উচিত।
