Stories, insights and updates from the OAKOKHO community
News
স্বদেশাভিমানী প্ৰতিজন ব্যক্তিয়ে নিজ নিজ ক্ষেত্ৰত দেখুওৱা চমৎকাৰ পাৰদৰ্শিতাই সমগ্ৰ বিশ্বতে বিশেষ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে বহু অসমীয়াই। দেশ-বিদেশত থকা কেইবাজনো অসমীয়াই আকৌ মাতৃভূমি, মাতৃভাষাৰ প্ৰতি থকা শ্ৰদ্ধা-ভক্তিৰ লগতে তেওঁলোকৰ মেধা আৰু কৰ্মোদ্যমে জাতিক বিশ্বদৰবাৰত জিলিকাই তুলিছে... ফটোত থকা ব্যক্তিসকল (বাওঁফালৰ পৰা): চিৰঞ্জিৎ বৰদলৈ: বিদেশত অসমীয়া ভাষাক উজ্জ্বল কৰি তোলাৰ কাৰণে। ডাঃ সংগীতা গোস্বামী: শ্ৰীমন্ত সুভদ্ৰা মেম’ৰিয়েল বঁটা প্ৰাপক। ডাঃ পূৰবী শইকীয়া: কৰ্কট ৰোগৰ গৱেষণাত বিশেষ অৱদান। ডাঃ বাপ্পী পাল: ফৰেনচিক বিজ্ঞানত বিশেষ পাৰদৰ্শিতা। ৰীজেন্দ্ৰ ফুকন: কম্পিউটাৰ বিজ্ঞানৰ বিশেষজ্ঞ। ডাঃ দ্বীপ মেধি: স্মাৰ্ট কৃষি পদ্ধতিৰ গৱেষণা। ডাঃ বুদ্ধ দেৱ বৰুৱা: পৰিৱেশ অধ্যয়নৰ বিজ্ঞানী।
News
সুদূৰ আমেৰিকাত থাকিও অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ আছে এগৰাকী প্ৰবাসী অসমীয়া অভিযন্তা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেণ্টেচন বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত এইগৰাকী অভিযন্তাই আমেৰিকা যুক্তৰাজ্যৰ প্ৰখ্যাত ক্ৰাইছলাৰ কোম্পানীত কৰ্মব্যস্ততাৰ মাজতো চলাই আছে 'আমাৰ পঢ়াশালি' নামেৰে এখন বিদ্যালয়। য'ত শিশুসকলক শিক্ষা দিয়া হয় অসমীয়া ভাষাৰ আদিপাঠ।
News
অন্যান্য ভাৰতীয় ভাষাত নথকা কিছুমান অনন্য বৈশিষ্ট্য অসমীয়া ভাষাত দেখা পোৱা যায়। ইয়াৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল ইয়াৰ ‘X’ (উষ্ম বৰ্ণৰ বিশেষ উচ্চাৰণ) ধ্বনিটো। ভাৰতৰ মূল ভূ-খণ্ডৰ পৰা আংশিক বিচ্ছিন্ন হৈ বিৱৰ্তন ঘটাৰ বাবেই অসমীয়া ভাষাই এই সুকীয়া চৰিত্ৰসমূহ গঢ়ি তুলিছে, যি ইয়াক এক স্বতন্ত্ৰ মৰ্যাদা প্ৰদান কৰিছে।
News
সেইদিনা ৭ ডিচেম্বৰ, শনিবাৰ ২০১৯ চন। বিয়লি চাৰি বাজিছিল। মোৰ চকুৰ আগত ভাহি উঠিছিল উত্তৰ লক্ষিমপুৰৰ গৰেহগা মাইকীয়া গাঁৱৰ আমাৰ পঢ়াশালিখন। এটা দীঘলীয়া ঘৰ, য’ত শ্ৰেণীকোঠালিবোৰৰ মাজত বেৰ নাছিল। আমেৰিকাত থকা অর্থাৎ তাতে জন্ম হোৱা অসমীয়া ল’ৰা-ছোৱালীসকলক আমাৰ গতানুগতিক পদ্ধতিৰে অসমীয়া ভাষা শিকোৱাটো জটিল। সেয়ে তেওঁলোকক শিকোৱাত বহুতো কষ্ট কৰিব লগা হয়। এনেদৰে হয়তো আমি নজনাকৈয়ে ভাৰতৰো অৰ্থাৎ আমাৰ দেশৰ বাহিৰত বহুতো প্রবাসী অসমীয়াই বিভিন্ন প্ৰকাৰে অসমীয়া ভাষাৰ সেৱা কৰি আছে। বৰ্তমান পৰিস্থিতিত অসমত অসমীয়া ভাষা কোৱা লোকৰ সংখ্যা কমি যোৱা বা যাব বুলি চিন্তিত হ’লেই নহ’ব— ভাষাৰ প্ৰতিষ্ঠা আৰু প্ৰচাৰৰ কাৰণে কামো কৰিব লাগিব। ‘CAA’ৰ কাৰণে অসমত বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত অদূৰ ভৱিষ্যতে অসমীয়াভাষী লোক সংখ্যালঘু হৈ পৰিব বুলি ভবাৰ শংকা হৈছে। চৰকাৰে অসমৰ বেচৰকাৰী ইংৰাজী মাধ্যমৰ স্কুলত অসমীয়া ভাষা শিকোৱাটো বাধ্যতামূলক কৰিলেও আমি নিজে সজাগ আৰু সতৰ্ক হৈ মাতৃভাষাক সন্মান জনোৱা উচিত।