হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত প্রবাসী অসমীয়া অভিযন্তাৰ অভিলাষী প্রকল্প - আমেৰিকা, কানাডাত 'আমাৰ পঢ়াশালি'
লেখকঃ অমৰজ্যোতি ভূঞা


সুদূৰ আমেৰিকাত থাকিও অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ আছে এগৰাকী প্ৰবাসী অসমীয়া অভিযন্তা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেণ্টেচন বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানপ্ৰাপ্ত এইগৰাকী অভিযন্তাই আমেৰিকা যুক্তৰাজ্যৰ প্ৰখ্যাত ক্ৰাইছলাৰ কোম্পানীত কৰ্মব্যস্ততাৰ মাজতো চলাই আছে 'আমাৰ পঢ়াশালি' নামেৰে এখন বিদ্যালয়। য'ত শিশুসকলক শিক্ষা দিয়া হয় অসমীয়া ভাষাৰ আদিপাঠ।

